অসমীয়া কাহিনী অনফ্ৰেইণ্ড
Assamese Story (2)
Hello friends ,This is a one of the best Assamese story if you like This story Please Share with your friends. For More Assamese stories Please Follow us by your Email And Get all latest content delivered straight to your inbox. Thank You
এক মিনিট দে না।
মুখত যথেষ্ট বিভক্তি সানি ৰঞ্জনে তাৰ লেপটপ টো মোৰ ফালে ঘূৰাই।
দিয়ে।
- ফেচবুক নুখুলিবি কিন্তু। বছৰ স্পাই ঘূৰি ফুৰে আজিকালি।
– নাই নাই জাষ্ট মেইলটো চেক কৰাে। এটা ইণ্টাৰভিউ কল আহিব।
| লাগে।
| ৰঞ্জনৰ বিৰক্তিলৈ কেয়াৰ নকৰি মই ক্ষিপ্রতাৰে খুলি লওঁ মােৰ মেইলটো।
| অমৃতা পষ্টেড অন ইয়ৰ ৱাল। কি লিখিছে অমৃতাই? এসপ্তাহে মােক অনলাইন
নাপাই ছাগে অস্থিৰ হৈ পৰিছে অমৃতা। মই ম'বাইল নম্বৰটো নিদিয়া কাৰণে
| অভিমান কৰে অমৃতাই। নিদিয়াৰ কাৰণটো তেওঁ কল্পনাও কৰিব নােৱাৰে
ভাবে মই ভীষণ ব্যস্ত মানুহ কাৰণে ফোন এটেণ্ড কৰিবলৈ সময় নাপাওঁ। দহ
| টকা বিশ টকা প্রিপেইড কার্ডৰে সকলাে সময়তে সক্রিয় কৰি ৰাখিব নােৱাৰা।
| মােৰ নম্বৰটো অমৃতাক দিয়া নাই। প্রায়েই থকাৰ দৰে ইনকামিং বন্ধ হৈ থকা।
অৱস্থাত কল করে যদি অমৃতাই? তাতকৈ পাৰিলে কোনােবা এখন কাফের
| সােমাই আৰু একেবাৰে পকেট খালী থাকিলে ৰঞ্জনৰ অফিচত বহি অনলাইন
| হওঁ। আজি পিছে ৰঞ্জনৰ মুড অফ। বেছি সময় তাৰ টেবুলত বহি থাকিব
| নােৱাৰি। মিছিং ইউ, এম ইন বেংগলুৰ, অফিছ টুৰ। যিমান পাৰি খৰধৰ কৰি
| অমতালৈ মেইলটো পঠাই ৰঞ্জনক মাতবােল নকৰাকৈ ওলাই আহে। তাৰাে
আজিকালি লেবেল হৈছে। স্কুলৰ পৰা কলেজলৈ আটাইবােৰ পৰীক্ষাতে তাৰ
নম্বৰ মাকে বেয়া। এতিয়া বাপেকৰ ব্লেকমানি কেনে লােৱা এই চাকরিটা
জইন কৰাৰ এবছৰ নহওতেই বেটাৰ...। পৃথিৱীখন ছাৰখাৰ কৰি দিব খােজা
খাটো মুৰত লইয়াই ঘরমুখো চিটিবাজ এখনৰ ফুটবৰ্ডত ওলমি দিওঁ। এনেকৈ
ওলমি আহিলে কেতিয়াবা ভাড়াটো নিদিয়াকৈ ভিৰৰ মাজেৰে ওলাই আহিব
পাৰি। টিউচন কৰা ভণ্টীয়ে মাজে-সময়ে হাতত তুলি দিয়া আৰু মায়ে বজাৰ
কৰিবলৈ দিয়া পিচাৰ বাকী থকাৰ চলি ভাড়াটে বচাব পাৰিলেও অকমান
উশাহ ল'ব পৰা যেন লাগে।
– আহিলা?
চুবুৰীয়া ৰবি আংকল। সদায় এইখিনি সময়ত ঘূৰি আহে কাৰণে মোক
ক'ৰবাত চাকৰি কৰাে বুলিয়েই ভাবে ছাগে। ঘৰৰ চৌহদটো নিমাওমাও।।
দেই ছেলে পাচলি বজাৰ লৈ ওলাই গৈছে। ভন্টিৰ এইখিনি সময়ত টিউচন।।
বেচেৰীয়ে দুইবেলা টিউচন নকৰিলে দেউতাৰ পেঞ্চনৰ পইচাকেইটাৰে আমাৰ
চলিবলৈ টান। তাইৰ কেতিয়াবা খং উঠে। কয়— দেউতাৰ সৈতে একেবিভাগৰ
একে এল ডি এচিষ্টেণ্টৰ গুৱাহাটীত দুমহলীয়া ঘৰ। আমাৰ দেউতাহে আন্না।
হাজাৰে হৈ থাকিল। লগৰ ছােৱালীবােৰৰ বিয়াৰ নিমন্ত্রণপত্ৰবােৰ আহিলে
তাইৰ মুখখন দুদিনমানলৈ আন্ধাৰ হৈ থাকে।
-- আহিলি? চাহ একাপ খাবিনে?
| মােৰ উত্তৰলৈ বাট নেচাই ধূনা দিবলৈ টুকুৰা কৰা নাৰিকলৰ বাকলিবােৰ
এৰি মা পাকঘৰত সােমায়। মা অকলে থকাৰ এই সময়কণত ঘৰলৈ আহি
মােৰ ভাল লাগে। দেউতা আৰু ভণ্টীৰ আজিকালি মােৰ ওপৰত কিছু পৰিমাণে
খং এটা উঠি থকা যেন লাগে। এই যে মই আজিলৈকে উপার্জনৰ নামত
একো এটা কৰিব নােৱাৰি সিহঁতৰ ওপৰত বােজা হৈ আছে। দেউতাৰ দৃষ্টিত।
মাজে-সময়ে প্রকাশ পালেও ভণ্টীয়ে অৱশ্যে কেতিয়াও প্রকাশ কবা নাই।
কেবল মাৰ কাৰণে মই সদায় অপৰিহার্য। পৃথিৱীৰ প্ৰতিগৰাকী মাকেই ছাগে’ |
এনেকুৱা।
– মণি মাহীয়েৰে ফোন কৰিছিল আজি।
জলকীয়া পিয়াজ কুটি দিয়া মুৰি এবাটি আৰু চাহ একাপৰ সৈতে মাৰ
সমুখত মই পাকঘৰত।
– ভালনে মণি মাহীৰ? দুলে মেট্রিক দিছে নহয় এইবাৰ ?
– অ, মাহীয়েৰে ছােৱালী এজনীৰ খবৰ দিছে। বি এ পাছ কৰি চৰকাৰী
স্কুল এখনত সােমাইছে।
মােৰ কথা এতিয়া ভাবিব নালাগে মা। ভণ্টীৰ কাৰণে ল'ৰা এটা
চাবলৈ কোৱান মাহীক।
| মাক আৰু একো কোৱাৰ সুযােগ নিদি মই নিজৰ কোঠালে আহাে।
আচৰিত কথা। পৃথিৱীত বেকাৰ এটাকো যাচিব পৰা ছােৱালী থাকে। আনদিনা
হলে ভাত হােৱালৈকে এইখিনি সময় মাহঁতৰ ৰূমত টিভি চাওঁ। কেতিয়াবা
দেউতাও বহে। ভণ্টী আৰু মা মাজে মাজে পাকঘৰলৈ উঠি যায়। ধাৰাবাহিকৰ
মাজৰ বিজ্ঞাপনৰ সৈতে সময় মিলাই লয়। আজি মােৰ মন যােবা নাই। এনেই
বিছনাত বাগৰি দিওঁ। অমৃতাৰ কথা মনলৈ আহে। অমৃতাক মই দেখা নাই।
তেওঁৰ মাতষাৰ শুনা নাই কেতিয়াও। কেৱল অদৃশ্য তৰংগৰ মাজেৰে অমৃতা
মনৰ খবৰ আহে মােৰ কাৰণে একো একোটা মৰমলগা শব্দ বাক্য হৈ। অমৃতাৰ।
বিখন ফেচবুকত প্রথম দেখাৰ দিনটো মােৰ জীৱনৰ সৌভাগ্য নে দুর্ভাগ্যৰ
দিন মই নিজেই বুজি নাপাওঁ। People you may know বুলি লিখা
শীতানটোত এনেই চকু ফুরাইছে। মৰম লগা এখন মুখ। খােলা চুলি।
কোলাত এটা নােমাল কুকুৰ। বহুত ফটোৰ মাজত কিয় নাজানাে সেই মুখখনে।
মাকে বিশেষভাবে আকর্ষণ কৰিছিল। অমৃতা। Studied in University of
Delhi, Female, Unmarried এইখান তথ্য পাইছিলা অমৃতার বিষয়ে।
ফ্রেণ্ড রিকুয়েষ্ট পাইছিলো মনে বিচৰা কারণে। প্রায় এসপ্তাহৰ পিছত
এদিন ৰাজধানী কাফে সেমাই আকৌ ফেসবুক খুলেছি। অমৃতাই গ্রহণ
কৰিছে মােৰ বন্ধুত্বৰ প্ৰস্তার। মােৰ প্রফাইল ফটো হিচাপে থকা ভালুক
পােৱালিটো বােলে তেওঁৰ ভীষণ ভাল লাগে। মােৰ নিজৰ ফটো কিয় নাই
সােধে। বহু কথাই সােধে অমৃতাই। কেতিয়াবা মেচেজ আহে। কেতিয়াবা অন।
লাইন পাওঁ। মোৰ কল্পনা পৃথিৱী এখন অমৃতা সমুখে বাস্তৱ বুলি তুলি।
ধৰে। মই এটা বিখ্যাত কম্পেনীৰ আই টি প্রফেছনেল। ভীষণ ব্যস্ত মােৰ
জীৱন। তাৰ মাজতাে মই কিতাপ পটো। ছবি ভাল পাওঁ, গান ভাল পাওঁ।
অমৃতাই সােধে চেতন ভাগতৰ নতুন খন পঢ়িলানে? মই কওঁ ফ্লিপকার্ডত।
অর্ডার কৰিলে। কালি পাম। লৰালৰিকৈ নেটত রিভিউ পঢ়ি তেওঁ। পিছৰবাৰ।
অমৃতাই আকৌ সুধিলে পঢ়া বুলি কও। ঘৰত মচুৰ ডাইল আৰু বেঙেনা
ভজাৰে ভাত খাই উঠি ওলাই গৈ কেতিয়াবা ৰঞ্জনৰ টেবুলত বহি অন লাইন।
হও |
অমৃতা সােধে
– লান্স কৰিলা?
– জাস্ট কৰিলে।
– য়াম্মি ?
– উম চিকেন উইথ হানি
– হেই মােৰ জিভাৰ পানী পৰিছে। এতিয়া ক'ত আছা ?
–মুম্বাই। জুহুৰ হােটেলত। কাম হৈ গ'ল। ইভিনিং ফ্লাই কৰিম। তোমাৰ
কাৰণে কি লৈ যাম? বিতু বেবীৰ শববাম এটা আছে ওচৰতে। ডিজাইনার
নাইটি?
- ধ্যেৎ নালাগে নালাগে। যোৱা মাহত পাপাই এক সােপা আনিছে।
মই দীঘলকৈ উশাহ লওঁ।
- অ কে ডেন বাই উমম।
– উম বাই।
ৰঞ্জনে তাৰ লেপটপটো টানি লয়। এনেকৈয়ে এটা অদ্ভুত, অনিশ্চিত
আৰু অসত্য প্রেমকাহিনীৰ নায়ক হৈ মই মােৰ বেহুদা জীৱনৰ অর্থহীন সময়বােৰ।
পাৰ কৰি আহিছাে। ইমানবােৰ নাটকীয়তাৰ মাজতাে কিন্তু মই এটা কথা।
অনুভৱ কৰিব পাৰাে যে অমৃতাক মই ভাল পােৱা কথাটো অকৃত্রিম, নির্ভেজাল।
অমৃতা হয়তাে।
– দাদা, ভাত খাবলৈ আহ।
দুৱাৰ মুখৰ পৰা চিঞৰি কৈ ভণ্টী পাকঘৰলৈ যায়। ভাত খাবলৈ মন।
যােৱা নাই যদিও টেবুলত বহোঁ। মই নাখালে মা উদগ্রীৱ হৈ পৰে। কপালত
হাত দি জ্বৰ আছে নেকি চাই এতিয়াও।
– ডি আই পি আৰ পৃষ্ট ৰ কাৰণে এপ্লাই কৰিলে?
| দিনটোৰ ভিতৰত দেউতাৰ প্রথম মােৰ সৈতে বার্তালাপ! মই হাতমেলি
পানীৰ গ্লাকটো লও।
পানীগ্লাছ সম্পূর্ণকৈ ডিঙিত বাকী মই খৰধৰকৈ পাকঘৰৰ পৰা ওলাই
আহাে। ভণ্টীয়ে আৰু অলপ সময় টিভি চাব। মই ছিধা বিছনাত।
– তাৰ গা বেয়া নেকি বুবু?
দুৱাৰ মুখ মা।।
- নাই মা, ঠিকেই আছে।
মই জানিছিলােৱেই দুদিনমানৰ পৰা মােৰ অন্যমনস্কতা মাৰ চকুত ধণা
পৰিছে। মাকৰবাৰে সকলাে কথাই ধৰিব পাৰে। তথাপিত্ত মাক মই ক'ব নােৱাবো
অমৃতাৰ কথা। কেতিয়াও লগ নােপােৱা এজনী ছােৱালীক কেৱল শব্দ বাক্যৰ
মাজেৰে আপােন কৰি লৈ নিজৰ অসমর্থতাৰ কথা ঢাকিবলৈ কৰা একপ্রকাৰ
অপরাধের কথা মায়ের জানিলে দুখ পাব।
আনুবিখন লগাই দিম নেকি?
– নালাগে মা, তুমি শেবাগ যোৱা।
মােৰ ফালে কেইমুহুর্তমান চাই থাকি মা এখােজ-দুখােজকৈ আঁতৰি
যায়। মনৰ অস্থিৰতাৰ সময়ত মাৰ আঁচলত মুখ লুকুবাই এবাৰ কান্দিবলৈ মন
যায় সৰু কালৰ দৰে। কিন্তু এই বয়সত আৱেগৰ এনে প্রদর্শনে ঘৰখনলৈ এটা
অবাঞ্ছিত পৰিৱেশ নমাই আনিব। লক্ষ্য, উদ্দেশ্য আৰু পৰিণতিৰ কথা নভবাকৈ
অমৃতাৰ সৈতে গঢ়ি তােলা এই দীর্ঘদিনৰ সম্পর্কই যে এদিন এনে এটা
পৰিস্থিতিৰ সৃষ্টি কৰিব, সেয়া মই কাহানিও ভাবি চোৱা নাছিলোঁ। ফেচবুকত
আন বহুতাে নেদেখা বন্ধুৰ সৈতে কৰা ধেমালিৰ দৰেই আৰম্ভ হৈছিল
সম্পর্কে। আচলতে এনেধৰণৰ ধেমালিৰ মাজেৰে মই একপ্রকার মোৰ
বাস্তৱৰ পৰা কিছুসময়ৰ বাবে পলায়ন কৰিব বিচাৰাে। এই যে পাঁচটকীয়া
কেচা চানাৰ টোপােলা এটা খুলি লৈ মই অমৃতালৈ টাইপ কৰি থাকো হটডগৰ
সৈতে কেটছআপ যে খুব আনচফিষ্টিকেটেড কাৰবাৰ হয়, সেয়াও এক ধৰণৰ
মােৰ বিলাসিতা। এনেকুৱা সৰু সৰু ধেমালি (?)বাৰৰ মাজেৰেই আগবাঢ়ি
গৈ থাকোঁতেই মােৰ বুকুৰ মাজত শিপা মেলিছিল জীৱনৰ প্রথম প্রেম।
অমৃতা অবিহনে অনুভৱ কৰিছিলাে শূন্যতা। লাভ ইউ, টেককেয়াৰ, মিছিং ইউ
আদিৰে সদায় বিদায় লােৱা অমৃতাও যে ঠিক মােৰ দৰেই ছিৰিয়াছ হৈ পৰিছে
সেয়া প্রথমতে ভাবিব পৰা নাছিলাে। ভাবিছিলাে কোনােবা এদিন অবধাৰিত
ভাবেই কিবা এক অনুকূল পৰিৱেশত অমৃতা আঁতৰি যাব নিজৰ কক্ষপথত
আৰু খুব কষ্ট হলেও মই নিজক চম্ভালি ল'ম৷ জীৱনত কিমান যন্ত্রণাক
চম্ভালি লৈ আহিছাে। পাত্রীৰ সৈতে বিনামূলীয়া বিদেশ ভ্রমণৰ সুযােগ পাই।
মােৰ ভণ্টীক বিশ্বাসঘাতকতা কৰা তাইৰ ইঞ্জিনীয়াৰ প্রেমিকটোক একো কৰিব
নােৱাৰা বা ইণ্টাৰভিউৰ পিছত ঘােচ নিদিয়া কাৰণে মােৰ প্রাপ্য চাকৰিটো
বেলেগক বেচি দিয়া উচ্চ বিষয়াজনক দুঘােচা নমৰাকৈ থকা আদিতকৈও
বেছি যন্ত্রণা পাওঁ ধনৰ অভাৱত মাৰ কৰাব লগা জৰায়ুৰ অপাৰেছনটো পিছুৱাই
থকাৰ কাৰণ।।
ধ্যেৎ, এইবােৰৰ মাজতােনা মানুহৰ জীৱনলৈ প্রেম আহেনে? মােক
আচৰিত কৰি এদিন অমৃতাই নিজেই উলিয়ালে আমাৰ প্ৰেমৰ ভৱিষ্যতৰ
কথা। মােক বাদ দি অমৃতাই কাকো জীৱন সংগী কৰাৰ কথা ভাবিব নােৱা
দেউতাকে কোনােবা এন আৰ আই দখৰ খবৰ আনিছে। অমৃতা খোলাখুলি
কৈ দিছে মােৰ কথা।
ফেচবুকত মাৰ প্রোফাইল খুলি দেখুৱাই দিবে। (যত লেখা আছে বাউল
কাশ্যপ, আই টি প্রফেছনেল বুলি) ফটোখনৰ ঠাইত টেডিবেয়াৰ দেখি তেলে
দেউতাকৰ অলপ সন্দেহ হৈছে। গতিকেই মই সােনকালে এখন ফটো আপন
কৰিব লাগে, মােৰ ফোন নম্বৰ দিব লাগে আৰু যিমান পাৰাে সােনকালে
এদিনৰ কাৰণে ছুটী লৈ তেওঁলােকৰ ঘৰলৈ যাব লাগে। অমৃতাই ভাবে
তেওঁলােকৰ বাগিচাৰ বাংলােটোত এদিন থাকি মই খুব ভাল পাম। বিদেশৰ
বিভিন্ন ঠাইত ফুৰি আহি মই কোৱা কথাবােৰ শুনি হেনাে তেওঁৰ এই ধাৰণা
হৈছে। সুযােগ পালেই মই নেটত খুঁচৰি থাকো কিছুমান পর্যটনক্ষেত্র। ভাল
লাগে। সেই অভিজ্ঞতাৰেই মই কিছুমান কাল্পনিক ভ্ৰমণৰ কথা অমৃতাক কওঁ।
কেতিয়াবা হঠাৎ অনলাইন পালে একো বেলেগ কথা না থাকে কবলৈ। মোৰ
যে পাছপ’র্টেই নাই আৰু সৰুতে এবাৰ দেউতাৰ লগত কলকাতালৈ যােৱাৰ
বাহিৰে ক'তে ফুৰি হোৱা নাই সেয়া অমৃতাই নাজানে। কেনেকৈ নাজানে।
ৰিভিউ চাই পঢ়া বুলি আৰু প্ৰম দেখি চোৱা বুলি কোৱা কিছুমান বিখ্যাত
কিতাপ আৰু চিনেমাৰ কথাও যে মিছা। মাজে মাজে অমৃতাই ঈর্ষা আৰু ।
অভিমানত বহুত সময় টাইপ নকৰাকৈ থাকে। মােৰ সুন্দৰী কলিগ নিকিতাই
কফিৰ কাৰণে লগা ধৰা বুলি কওঁ। আই উইল নেভাৰ গ- মই আকৌ টাইপ
কৰোঁ। এইবাৰ অমৃতাৰ নিৰৱতা ভাগে। মােৰ হাতত পৰা আটাইকেইটা পইচা
মই ৰাজধানী কাফেত খৰচ কৰিবলৈ লৈছিলাে। হাৱাই চেণ্ডেলৰ ফিতা কিনিবলৈ
মায়ে পইচা দিয়ে। মই এটুকুৰা তাৰেৰে ছিগা ফিতা জোৰা দি কাফেত সােমাও।
- Min office.
-Still in office?
- Yeah lots of work...
- Hug to you
- Tight hug...
ভুল কৰা বুলি উপলব্ধি কবি বহুদিন ভাবিছিলাে এইবােৰ বন্ধ কৰোঁ। কৈ
দিও অমৃতাক আটাইবােৰ সঁচা কথা। কিন্তু পিছমহর্ততে আকৌ সলনি কৰে।
সিদ্ধান্ত। এদিন সঁচাকৈ যদি মই অমৃতাৰ কল্পনাৰ মানুহজন হৈ উঠিব পাৰে।
মইতা অযোগ্য বা অৰ্হতাবিহীন নহয়।
মােক সেই সুযােগ নিয়ে জীবনে হঠাৎ তচ-নচ কবি পেলালে মােৰ
সপােন। এতিয়া সমুখত কেরল আন্ধাব আৰু আন্ধাব। এটা সময়ত মােৰ চকু
জাপ খাই আহে। ৰাতিপুৱা আন দিনাতকৈ সােনকালে ঘৰৰ পৰা ওলাওঁ।
এতিয়া রঞ্জনা অফিস লৈ অহা নাই। উপায় ? তৰা বাইদেউৰ অফিস সােমাও।
বাইদেউ ন বজাৰ পৰাই অফিচ্ছত থাকে। অফিছত রাই-ফাই আছে আৰু বাইদেউৰ
লেপটপটোও এনেই টেবুলত পৰি থাকে। সাধাৰণতে মােৰ অনলাইন ইণ্টাৰভিউ
আদিৰ কাৰণে ৰা বাইদেউৰ অফিছলৈ আহে। বাইদেউৰ কোঠাত বিশেষ
মানুহৰ আহ-যাবে না থাকে।
– আহ আহ কি খবৰ তােৰ? ইমান জধলা টাইপ হৈ পৰিছ যে?
বাইদেউৰ আন্তৰিক সম্ভাষণ। তাই মোৰ জেঠাইৰ ছোৱালী।।
— ৱাইফাই আছেনে?
- আছে। কিবা মেইল কবিবি? ল।
কি কৰিব একো নভবাকৈয়ে মই মাৰ মেইল ইনবক্স খালি।
– তােৰ একো এটা নােহােৱাতাে যে আচৰিত কথা। ভিনিহিয়েৰেও
কয়, বােলে বুবু ঈমান পঢ়া-শুনাত ভাল। তথাপিও আজকে...
বাইদেউৰ কথাবোৰ মাৰ কাণত সিনেমার নাই। মাৰ সমুখত অমৃতাৰ
দীঘলীয়া মেইল। মােৰ পৰা সােনকালে সঁহাৰি লাগে। তেওঁৰ ইউ এছ ত থকা
ককায়েক অক্টোবৰত আহিব। তেতিয়াই বিয়াখন পাতিবলে ঘৰৰ চবৰে ইচ্ছা।
ঘৰৰ চবেই মােক লগ পাবলে উদগ্রীব হৈ আছে। দেউতাকে মােৰ বিষয়ে
সবিশেষ জানিব বিচাৰিছো। তাৰ পিছত বালে ফাইনাল মতামত দিব। মত
নিদিলেও বােলে অমৃতাই নিজৰ জীৱনৰ সিদ্ধান্ত নিজে ল’ব।
So Plz Plz Plz relpy
একো একোটা ঘটনাই যে জীৱনটো কেনেকৈ বিষাদময় কৰি তলিব
পাৰে।
দময় তুলিব
- তই অকণমান বহ। কি কাম আছে কৰি ল। মই বছক এবাৰ দেখা।
দি আহো।
তৰা বাইদেউ ওলাই যায়। কম্পিউটাৰ স্ক্রীণত জিলিকি থকা অমৃতাৰ।
খােলা মেইলৰ সমুখত কেইমুহূৰ্তমান মই স্থিৰ হৈ বহি থাকো।
এতিয়াও মই সঁচা কথা কৈ দিলে অমৃতাই হয়তাে মােক ক্ষমা কবি গি।
কিন্তু আহিব লগা নতুন জীৱনটোৰ কোনােবা নহয় কোনােবা এটা আ।
দিনৰ দুর্বল মুহূর্তত মােৰ স্মৃতিয়ে নিশ্চয় তেওঁক দুখী কৰিব। ভা৮ি
বেঁচে বাটো...। তাতকৈ। তাতকৈ..
খুলি লওঁ ফেচবুকত অমৃতা প্রোফাইল।
আনফ্রেইগু। আনফ্রেইণ্ড শব্দটোৰ কাষচাপে কাছাৰ। ক্লিক করে।
Are you sure you are going to unfriend Amrita?
দুটামান মুহূর্ত নিষ্করীয়ভাবে পাৰ হয়। তবা বাইদেউ আকৌ আহি মােৰ
সমুখত বহে। Confirm আৰু Cancel শব্দ দুটাৰ মাজৰ পৰা শেষ মুহূর্তত
fe ad Confirm
- বাইদেউ মই যাওঁ।
ঘপহকৈ উঠো চকীৰ পৰা।
– যাওঁ মানে ৰ চাহ একাপ খাই যা।
– নাই নালাগে।
বাইদেউক একো কোৱাৰ সুযােগ নিয়ে ওলাই আহ।
এদিন দুদিন। পাৰ হয় সময়। ৰঞ্জনৰ অফিচত মেইল খােলাে। অমৃতাৰ
CAN CRI What do you think of yourself ? If you think that I am
going to die, you are wrong. Atleast. M not someone to be fooled.
Good luck.
এনেকৈয়ে অদৃশ্য মাধ্যমে কম্পিউটার স্ক্রীন লৈ কঢ়িয়াই অনা কিছুমান
সঁচা-মিছা ভাল লগা সংক্ষিপ্ত বার্তালাপেৰে কৰা ধেমালিৰ মাজতে মােৰ
প্রথম প্রেমৰ জন্ম আৰু মৃত্যু।
ভণ্টীয়ে এটা লেপটপ কিনে। গধুলি সদায় তাই কিবাকিবি শিকিবব
বাবে মাকে খাতির কৰে।
এনে এটা গোধূলিতে এদিন ক্লিক করে Search for people and
places|
অমৃতা গােস্বামী, নিউ ইয়র্ক। Female আৰু married
এই তথ্যৰ সৈতে অমৃতাৰ পৰিয়ালৰ ফটো। এটা সুখী পৰিয়াল।
(সংগ্ৰহ: ফুটফুটিয়া বাগিচা)
*This is a one of the best Assamese story if you like This story Please Share with your friends. For More Assamese stories Please Follow us.
Tags:
Assamese Story